ডিজিটেল ডেস্কঃ পৃথিৱীৰ ৰং বুজি পোৱা হোৱাই নাই৷ তাইৰ এতিয়া খেলা-ধূলা, ৰং-ধেমালি কৰাৰ সময়৷ তাইৰ যেন বোজা হে কঢ়িযায় ফুৰিছে পৰিয়ালে৷ মাথো ১২ বছৰ বয়সত তাইক বিয়া দিয়ে৷ পৰিয়ালক বিয়া নহ’ও বুলি কৈয়ো মান্তি কৰিব নোৱাৰিলে৷ সকলো পথ বন্ধ হোৱাৰ পিছত বিয়াৰ বাল্য বিবাহৰ পৰা বাছিবলৈ নতুন পথৰ সন্ধান কৰিব আৰম্ভ কৰিলে৷ এগৰাকী মহিলাক সম্বল হিচাপে ললে ১২ বছৰীয়া সুশীলা বিষ্ণুৱে৷
ৰাজস্থানৰ বাৰ্মেৰ জিলাৰ সুশীলা বিষ্ণুক পৰম্পৰা অনুযায়ী ২০১০ চনতে ১২ বছৰ বয়সত বাল্যবিবাহ কৰায়৷ ২০১০ চনত সুশীলা আৰু স্বামীৰ বয়স আছিল ১২ বছৰ৷ ৰাজস্থানত বহু গাঁৱত আজিও এনেদৰে বিয়া হোৱাৰ পৰম্পৰা আছে৷ বাল্যকালতে বিয়া পাতি দি ১৮ বছৰ হোৱাৰ লগে লগে স্বামী তথা শহুৰৰ ঘৰলৈ যাব লগা হয় যুৱতীয়ে৷ পঢ়া-শুনা, সপোণ সকলো আধৰুৱা কৰি সুশীলা বিষ্ণুৰ স্বামীৰ ঘৰলৈ যাব ইচ্ছা নাছিল৷