53
নামতিঃ চাৰিঙৰ কবি প্ৰয়াত নীলোৎপাল বৰাৰ সোঁৱৰণত জাগৰণ সংঘ চাৰিঙ আৰু ফেচবুকৰ জনপ্ৰিয় গোট গাজাৰী ডট কমৰ যুটীয়া উদ্যোগত শনিবাৰে শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।
শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ দিব্য কুমাৰ ৰাজখোৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনিত জাগৰণ সংঘ আৰু গাজাৰী ডট কমৰ তৰফৰ পৰা প্ৰকাশ কৰা “আলোক-অশ্রু” আৰু “কনকচম্পা” নামৰ স্মৰণিকা দুখনি উন্মোচন কৰা হয়৷