নগাঁওঃ দিনে দিনে অপৰাধৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে নগাঁও জিলা৷ হত্যা, ধৰ্ষণ, লুণ্ঠন আদি ঘটনাৰ পাছত এই নগাঁৱত সক্ৰিয় হৈ পৰিছে অপহৰণকাৰী আৰু নাৰী দেহ ব্যৱসায়৷ নগাঁও জিলাৰ জুৰীয়া দগাঁৱৰ এগৰাকী কিশেৰী কিছুদিন পূৰ্বে নিৰুদ্দেশ হোৱাৰ পাছত আজি ঘটনাৰ লগত জড়িত এটি নাৰীদেহ চক্ৰ উৎখাট কৰি দগাঁও আৰক্ষীয়ে দুগৰাকী মহিলাক আটক কৰে৷
নগাঁও চহৰৰ ধিং গেটৰ পৰা আটক হোৱা ধৃত চালমা খাতুন আৰু মনোৱাৰা বেগম নামৰ মহিলা দুগৰাকীয়ে কিশোৰীগৰাকীক ৪০ হাজাৰ টকাত দিল্লীত বিক্ৰি কৰা বুলি জানিব পৰা গৈছে৷ কিশোৰী গৰাকীক উদ্ধাৰৰ বাবে দগাঁও আৰক্ষীয়ে দিল্লীলৈ যোৱাৰ প্ৰস্তুতি চলাইছে৷