সহায় লাগে কণমানি পল্লৱীক
এটি তিনি বছৰীয়া কনমানি শিশু। থুনুক থানাক মাতেৰে পদ্য মতাৰ বয়সতে শিশুটিয়ে যুঁজ দিব লগীয়া হৈছে জীৱনৰ সতে৷ অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ পল্লৱী তান্ত্ৰী নামৰ শিশুটি আক্ৰান্ত হৈছে ব্ৰেইন টিউমাৰত৷ ইফালে দিন হাজিৰা কৰি জিৱীকা অৰ্জন কৰা পৰিয়ালটোৱে গোটাব পৰা নাই ডাক্তৰে শুনোৱা চিকিৎসাৰ খৰচ৷ যাৰ ফলত তিল তিলকৈ জীৱনৰ পৰা বিদায় লোৱা শিশুটিৰ সন্মুখত দুখত ভাগি পৰিছে পিতৃ-মাতৃ৷ উপায়হীন পিতৃ-মাতৃয়ে এতিয়া সুহৃদ লোকৰ সহায় কামনা কৰিছে৷