কাটিগড়াঃ ৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জৰাজীৰ্ণ অৱস্থাই বিপদত পেলাইছে চাৰিখন ৰাজ্যৰ লোকক৷ মেৰামতিৰ অভাৱত প্ৰকণ্ড প্ৰকাণ্ড গাতৰ বাবে এতিয়া গাড়ী-মটৰটো দুৰৰ কথা খোজকাঢ়িব পৰিবেশ নাইকীয়া হৈছে পথটোত৷ মেঘালয় শিলচৰ-গুৱাহাটী সংযোগী ঘাই পথটো চাৰি ৰাজ্যৰ লোকে আহ-যাহ কৰে৷ মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয় আৰু অসমৰ বৰাক উপত্যকাৰ লোকসকলে উত্তৰ পূৱৰ দোৱাৰ মূখ গুৱাহাটীলৈ এই পথটোৰে আহ-যাহ কৰে৷
চৰকাৰে ঘাই পথটো মেৰামতি কৰাৰ ব্যৱস্থা কৰে যদিও ঠিকাদাৰ আৰু বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কেতিয়াও গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ দুদিন পুৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক উপত্যকাৰ গুণোৎসৱৰ কাৰ্যসুচীত অংশ লবলৈ যোৱাৰ এদিন পুৰ্বৰে পৰা দিনে-নিশাই মাটি দি পথটোৰ গাত মাৰিছিল৷ বছৰ বছৰ ধৰি পথটো নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈ কেৱল একাংশ লোকে ধন ঘটি গৈছে৷