লিডুঃ আজি লিডু আৰক্ষী আৰু মাৰ্ঘেৰিটা আৰক্ষীয়ে এন এচ চি এন কেৰ এজন যোগাযোগকাৰীক আটক কৰে। লিডু আৰক্ষী চকীৰ সমীপৰ পৰা অতি কৌশলেৰে আটক কৰা যোগাযোগকাৰী জনৰ নাম ৰাজু সোনাৰ বুলি জানিব পৰা গৈছে। ধৃত যোগাযোগ কাৰীজনৰ ঘৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ অল্ড খামলুত।
ঘটনাৰ বিৱৰণী অনুযায়ী তিনিচুকীয়া জিলাৰ মাৰ্ঘৰিটা মহকুমাৰ বিভিন্ন ঠাইত এন এচ চি এন কেৰ নামত ধনদাবীৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা ৰাজু সোণাৰক লিডু আৰু মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপন অভিযানৰ দ্বাৰা লিডু আৰক্ষীৰ সমীপৰ পৰা আটক কৰিবলৈ সক্ষম হয়।