61
তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয় তৰণী মিনি ষ্টেডিয়ামত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত কেতেকীবাৰী জ্ঞানদা সংঘই ফাইনেলত প্ৰবেশ কৰিছে৷
আজি অনুষ্ঠিত উত্তেজনা পূৰ্ণ প্ৰথমখন চেমি ফাইনেল খেল নিৰ্দ্ধাৰিত সময়ত গল শুণ্য ভাবে সমাপ্ত হোৱাত পৰবৰ্তী সময়ত ট্ৰাইব্ৰেকাৰ পদ্ধতিত ৪-৩ গলৰ ব্যৱধানত দলটোৱে প্ৰতিদণ্ডী চামতা মিলনজ্যোতি সংঘক পৰাস্ত কৰিবলৈ সক্ষম হয়৷