64
ডিজিটেল ডেস্কঃ বহু বাদ বিবাদৰ অন্তত বিশিষ্ট অভিনেতা অনুপম খেৰে পুনে স্থিত ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়াৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত হয়। সোমবাৰে ৰাতিপুৱা ভাগত এফ টি আই আইত উপস্থিত হৈ দায়িত্ব ভাৰ গ্ৰহণ কৰি লয় অভিনেতা গৰাকীয়ে।
প্ৰাক্তন চেয়াৰমেন গজেন্দ্ৰ চৌহানৰ স্থান লয় অনুপম খেৰে। গজেন্দ্রৰ নিযুক্তি আৰু কাৰ্যকালৰ সময়ত বহুতো বিবাদৰ মাজত সোমাই পৰিছিল এফ টি আই আই।