50
বিহালীঃ বিশ্বনাথ জিলাৰ বৰগাঁও চাহ-বাগিছাৰ লক্আউটৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো কাৰ্যকৰী নকৰাত চাহ-শ্ৰমিকসকলে বিজেপি চৰকাৰ তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে আজি ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে, তিনি মাহ ধৰি বৰগাঁও চাহ-বাগিছাৰ মালিকে বে-আইনীভাৱে লক্আউট কৰি ৰাখিছে বৰগাঁও চাহ বাগিছা। যোৱা ১৫ ছেপ্তেম্বৰ তাৰিখে ৰাজ্যপালে বাগিছাৰ লকআউট প্ৰত্যাহাৰৰ নিষেধাজ্ঞা জাৰি কৰিছে।