নগাঁওঃ ৰাজ্যৰ আগশাৰীৰ ধৰ্মীয় অনুষ্ঠান একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক তথা শংকৰদেৱ বঁটাপ্ৰাপ্ত আচাৰ্য্য ইলাৰাম দাসৰ চতুৰ্দশ বাৰ্ষিক তিৰোভাৱ দিৱস উপলক্ষে অহা ১৮ অক্টোবৰৰ পৰা চাৰিদিনীয়া কাৰ্যসুচীৰে নগাঁও জিলাৰ বিৰহ বেবেজীয়াস্থিত বেবেজীয়া পালনাম থান প্ৰাংগণত চাৰি প্ৰহৰ মহাপালনাম কীৰ্ত্তনৰ আয়োজন কৰা হৈছে৷ কাৰ্যসূচী মতে, ১৮ অক্টোবৰৰ পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন, বিয়লি ২ বজাত ভকত আদৰণি আৰু সন্ধ্যা ৬ বজাত সন্ধ্যা প্ৰসংগ অনুষ্ঠিত কৰা হ’ব৷
১৯ অক্টোবৰত পুৱা ৫ বজাৰ পৰা শৰাই অৰ্চনা আৰু খোল প্ৰসংগৰ অন্তত মহাপালনামৰ শুভাৰম্ভ কৰা হ’ব ৷ বিয়লি ৫ বজাত মহাপালনামৰ সামৰণি পৰাৰ পিছতে কৃপা প্ৰাৰ্থনা পৰিবেশন কৰা হ’ব৷ নিশা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব প্ৰতিনিধি সভা৷ ২০ অক্টোবৰত পুৱা ৯ বজাৰ এটি শৰণ শিবিৰ অনুষ্ঠিত কৰা হ’ব৷