61
শিৱসাগৰঃ ৰাজ্যৰ চৌদিশে চোৰ, ডকাইত, লুণ্ঠনকাৰীৰ অবাধ বিচৰণৰ সময়তে শিৱসাগৰ এজন ব্যক্তি সকলোৰে আদৰ্শ হৈ পৰিছে৷ পেচাত শিক্ষক এই ব্যক্তি গৰাকীয়ে নিজ কৰ্মৰ জৰিয়তে আনৰ দৃষ্টিত এগৰাকী সৎ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউতৰ সহকাৰী শিক্ষক ত্ৰৈলোক্য দত্তই যোৱা ১৩ অক্টোবৰৰ নিশা ভাৰতীয় ষ্টেট বেংকৰ শিৱসাগৰ শাখাৰ সন্মুখত থকা এটিএমটোৰ পৰা ধন উলিয়াবলৈ যায়৷