গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ ছমৰীয়া শিক্ষা খণ্ডৰ ১নং মালিবাৰী পথাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকে গুনোৎসৱৰ কাৰ্যসুচীত মাতৃ গোট, বিদ্যালয় পৰিচালনা সমিতি, আৰু শিক্ষা সচেতন ৰাইজক অন্ধকাৰত ৰাখি শিক্ষক আব্দুল মজিদে নিজ মইমতালিৰে গুনোৎসৱৰ কিৰ্যসূচী ৰূপায়ন কৰাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
প্ৰধান শিক্ষকগৰাকীয়ে বিগত প্ৰায় দুই বছৰ ধৰি বিদ্যালয়ৰ নামত আৱন্টিত মধ্যাহ্ন ভোজনৰ চাউল পৰিচালনা সমিতিৰ অজ্ঞাতে নিজ গৃহত মজুত কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰে৷ ছাত্ৰ-ছাত্ৰীক মধ্যহ্ন ভোজন নুখুৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ ইয়াৰ উপৰিও বিগত প্ৰায় তিনি বছৰ ধৰি বিদ্যালয়ৰ হিচাপ নিকাচ নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷