কামপুৰঃ নিতৌ ন’ ন’ একো একোটা কথা প্ৰচাৰ হয় অসমত৷ প্লাষ্টিকৰ কণী, চাউলৰ পিছত এইবাৰ প্লাষ্টিকৰ মিঠাই৷ সকলোৱে বিহুৰ বজাৰক লৈ ব্যস্ত হৈ থকাৰ মাজতে নগাঁও জিলাৰ কামপুৰত ওলাল প্লাষ্টিকৰ মিঠাই৷ প্লাষ্টিকৰ মিঠাই ওলোৱাৰ প্ৰচাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, কামপুৰ মাজৰআটি গাঁৱৰ পংকজ শইকীয়া নামৰ এজন যুৱকে কামপুৰ বজাৰৰ পৰা ক্ৰয় কৰিছিল মিঠৈ তথা পনীয়া গুৰ। ঘৰলৈ নিয়াৰ পিছত লাডু বনাবলৈ মিঠৈ খিনি গৰম কৰোতেই প্লাষ্টিক পোৰাৰ দৰে বৰণ হৈ পৰাত পৰিয়ালে প্লাষ্টিকৰ মিঠৈ বুলি সন্দেৰ কতৰে৷