আমগুৰিঃ শিৱসাগৰ জিলাৰ জাঁজীত মঙলবাৰে ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আছুৱে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ আৰু শিৱসাগৰ জিলাৰ বিধ্বস্ত উপ-পথসমূহ শীঘ্ৰে মেৰামতিৰ কৰাৰ দাবী জনাই সংগঠনটোৱে৷
অসম আৰক্ষী মূৰ্দাবাদ, চৰকাৰ মুৰ্দাবাদ শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে অৱৰোধ কাৰ্যসুচীক জিলা প্ৰশাসনে অবৈধ ঘোষণা কৰে৷ বিজেপি চৰকাৰ গ’ বেক, পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ, অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীসকলে চৌদিশ উত্তাল কৰি তোলে।