চাবুৱাঃ শ্ৰম কৰিব এৰি প্ৰতিবাদত নামিল চাহ বাগিচাৰ শ্ৰমিক৷ শ্ৰমিকক মালিক পক্ষ তথা চৰকাৰে কৰি অহা শোষণ, বঞ্চনাৰ বিৰুদ্ধে একত্ৰিত হ’ল চাবুৱাৰ মাউদ চাহ বাগিছাৰ শ্ৰমিক৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে মঙলবাৰে পুৱাৰে পৰা মাউদ চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত পৰিচালকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
শ-শ শ্ৰমিক প্ৰতিবাদকাৰীয়ে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সভাপতি দিপক কৰ্মকাৰে মাউদ চাহ বাগিচাখন এখন পুৰণি চাহ বাগিছা হোৱাৰ লগতে এখন জৈৱিক গুণ সম্পন্ন সুনাম থকা বাগিচা বুলি কয়। এখন জৈৱিক বাগান হোৱাৰ পাছতো শ্ৰমিকসকলে বছৰ বছৰ ধৰি নানান সমস্যা ভোগ কৰি আহিছে বুলি দুখ প্ৰকাশ কৰে৷