ৰঙিয়াঃ পৰম্পৰা অক্ষুন্ন ৰাখি পুনৰ আছুই দখল কৰিলে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা৷ মঙলবাৰে মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে৷ আছু-এবছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে। সোমবাৰে অনুষ্ঠিত হৈ যোৱা ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আছু-এবছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে ১১টা পদত জয়লাভ কৰাৰ বিপৰিতে এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীয়ে মাত্ৰ এটা পদত জয়লাভ কৰে।
সভানেত্ৰীৰ পদত দৰ্শনা শৰ্মা, উপ-সভানেত্ৰীৰ পদত ফাঞ্জামুঠী বসুমতাৰী, সাধাৰণ সম্পাদকৰ পদত নৱজ্যোতি কুমাৰ, সহঃ সাধাৰণ সম্পাদক জয়া কলিতা, আলোচন সম্পাদক দেৰহাছাৰ বড়ো, সাংস্কৃতিক সম্পাদিকা নৱনিতা কলিতা, তৰ্ক আৰু সাহিত্য অংকুৰ কলিতা, গুৰুখেল বিভাগত বিপুল বড়ো, লঘু খেল বিভাগত চাইদুল ইছলাম, সমাজ সেৱা বিভাগত লতাশ্ৰী বড়ো, ছাত্ৰ জিৰণী কোঠাত হিমাংশু দাস, আৰু ছাত্ৰী জিৰণী কোঠাত ৰুবুংশ্ৰী বসুমতাৰীয়ে জয় লাভ কৰে।