নগাঁওঃ দহ বছৰে প্ৰেম আৰু অৱশেষত বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি অন্তঃসত্বা প্ৰেমিকাক এৰি এজন যুৱকে পলায়ণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত৷ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁৱৰ এগৰাকী ২০ বছৰীয়া যুৱতীক অবৈধ গৰ্ভধাৰণৰ বোজা জাপি দি পলায়ণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চমুৱাগাঁও তিনিআলিৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীৰ লগত নিকটবৰ্তী জামুগুৰি দঘাটৰ কমলা নাথৰ পুত্ৰ জান নাথ ওৰফে পিকুৰ যোৱা বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৷
প্ৰায়েই যুৱতীগৰাকীৰ ঘৰলৈ অহা-যোৱা কৰি থকা জানে বিয়া প্ৰলোভনেৰে বিগত সময়ছোৱাত কেইবাবাৰো যুৱতীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন স্থাপন কৰে৷ ফলত যুৱতীগৰাকী অন্তঃসত্বা হয়৷ যুৱতীগৰাকীয়ে দিয়া ভাষ্য মতে, অন্তঃসত্বা হোৱাৰ কথা প্ৰেমীক জানক অৱগত কৰাত প্ৰথমাৱস্থাত বিয়াৰ আশ্বাস দিয়াৰ বিপৰীতে পিছলৈ এই কথা সম্পূৰ্ণ গোপনে ৰাখি কাকো নক’বলৈ ভাবুকি দি অহাত যুৱতীগৰাকীয়ে কাকো গৰ্ভধাৰণৰ কথা অৱগত নকৰি ভয়তে সকলো কথা গোপনে ৰাখে৷