গুৱাহাটীঃ মহানগৰীৰ ননুমাটিত কোনেও সাৰি যাব পৰা নাই ডেংগুৰ পৰা৷ আৱাল, বৃদ্ধ বনিতাৰ পৰা ডেকালৈকে, ছাত্ৰ পৰা ব্যৱসায়ীলৈকে কোনেও সাৰি যাব পৰ নাই৷ ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰ ডেংগু ৰোগৰ জ’নত পৰিণত হৈছে থিক তেনেকৈ মহানগৰীৰ ভিতৰত নুনমাটি পৰিণত হৈছে ডেংগু জ’নত৷ নুনমাটি শোধানগৰৰ প্ৰায় ২৮গৰাকী কৰ্মচাৰীৰ লগতে জ্যোতিনগৰ, নেপালি চ’ক আদিত প্ৰতি ঘৰৰ একোজন নহয় একোজন লোক ডেংগু ৰোগত আক্ৰান্ত হৈছে৷
মহামাৰীৰ ৰবপ ধাৰণ কৰিছে ডেংগুই৷ তাৰ মাজতে মঙলবাৰে নুনমাটিৰ দেৱজিত্ শইকীয়া নামৰ এজন লোকজনৰ প্ৰাণ লয় ডেংগুই। দেৱজিত্ শইকীয়াক লৈ এতিয়ালৈকে নুনমাটিত ডেংগুত মৃত্যুৰ সংখ্যা বৃদ্ধি হ’ল ৪জনলৈ৷ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে নিৰ্লিপ্ততাৰ অভিযোগত এনেদৰে মানুহ প্ৰাণ যোৱাৰ অভিযোগ উত্থাপন হৈছে।গুৱাহাটী মহানগৰীত এতিয়া ডেংগুৰ আতংক৷