শিমলুগুৰিঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নাজিৰাৰ কলেজ গোটৰ উদ্যোগত মঙলবাৰে নাজিৰাৰ মাউৎগাঁৱত এখন সভা অনুষ্ঠিত হৈ যায়৷ সভাত মাউৎগাঁৱৰ বহু লোক উপস্থিত থাকে।
সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন, সহকাৰী সাধাৰণ সম্পাদক আছিফ ইছলাম, শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি বিকাশ ফুকন, কাৰ্যকৰী সভাপতি ইমৰান আলি, সাংগঠনিক সম্পাদক শোভন চাউৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কলেজ গোটৰ সভাপতি জিতু হুছেইন, কাৰ্যকৰী সভাপতি বিতুপন বৰগোঁহাই, যুটীয়া সাধাৰণ সম্পাদক আছিফ আহমেদ, বিকাশ কোঁৱৰৰ লগতে কলেজ গোটৰ নেতা কৰ্মী উপস্থিত থাকে।