51
চতিয়াঃ এফালে হাতী-মানুহৰ সংঘাত আৰু আনফালে বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ বাতৰি৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ কেইবাটাও বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটিছে৷
আজি পুনৰ কাতি বিহুৰ দিনটোতেই জামুগুৰিহাটত সংঘটিত হ’ল এক কৰুণ ঘটনা৷ জামুগুৰিহাটৰ পাঁচিগাঁৱৰ ৰঘূদলনি পথাৰৰ মাজত স্থানীয় ৰাইজে এটা মৃত হাতী প্ৰত্যক্ষ কৰি বনবিভাগৰ লোকক খবৰ দিয়ে।