বাহাকাবাৰীঃ বৰষুণে বিপদত পেলালে ৰাজ্যৰ কৃষকক৷ তিনিদিন ধৰি নেৰা নেপেৰা বৰষুণৰ পিছত নিশাৰ ভিতৰতে কপিলী নদীৰ পানীয়ে বিপদ সীমা অতিক্ৰম কৰি কৃষকৰ চকুত চকুলো নিগৰাইছে।বৰ্তমানে কপিলী নদীৰ ভয়ংকৰ ৰূপ অপৰিবৰ্তীত হৈ আছে। এনেদৰে আজিৰ দিনটো বাঢ়ি থাকিলে বহু অঞ্চলৰ মানুহ গৃহহীন হৈ পৰিব।
আনফালে বানৰ কবলত পৰি শ শ বিঘা গেঁৰ ধৰা ধান খেতি প্লাবিত হৈ পৰাৰ সম্ভাৱনা আছে৷ বানপানীৰ পিছতে খৰাঙে কোঙা কৰা খেতিয়কসকলক আকৌ মাধমাৰ শোধালে পহিলা কাতিৰ কপিলীৰ বানে। এতিয়া কাতিৰ নেৰানেপেৰা বৰষুণত ফেনে ফুটুকাৰে নিশাৰ ভিতৰতে কপিলী নদীৰ ৰূদ্ৰ মূৰ্ত্তিত কৃষকৰ বাবে অশনি সংকেত কঢ়িয়াই অনাত ৰাইজ শংকিত হৈ পৰিছে৷