79
টেঙাখাতঃ ভৱিষ্যতৰ আশা-আকাংক্ষাসমূহ বাস্তবায়িত কৰিবলৈ প্ৰয়োজন হয় এক সঠিক বৃত্তি৷ নিচাগত ভাৱেই হওক বা পেচাগত ভাৱেই হওক এটা সঠিক বৃত্তিত নিয়োজিত হৈ সুস্পষ্ট ভৱিষ্যত এটা গঢ়াৰ ইচ্ছা সকলোৰে থাকে৷
সেই পৰিপ্ৰেক্ষিততে আজি লাহোৱালৰ মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ কাউন্সেলিং সভা অনুষ্ঠিত কৰা হয়৷ ছাত্ৰ-ছাত্ৰীৰ অনাগত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বৃত্তিমুখী শিক্ষা ব্যৱস্থাক পুংখানুপুংখ বিশ্লেষনেই সভাখনৰ মূল উদ্দেশ্য আছিল৷