কামপুৰঃ বিগত কিছুদিন ধৰি দিয়া নেৰানেপেৰা বৰষুণৰ পাছত আবতৰীয়া বানে সংহাৰী ৰূপ লৈছে কামপুৰত। বৰষুণৰ ফলত কপিলী নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰুপ ধাৰণ কৰিছে৷ যাৰ বাবে নিশাৰ ভিতৰতে কামপুৰ ৰাজহ চক্ৰৰ বহু গাঁও প্লাৱিত হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ ক্ষতি সাধন কৰিছে। ইফালে কপিলী নৈৰ প্ৰৱল বানত বকুলগুৰি কলনিৰ জামে মছজিদটোও কপিলী বুকুত জাহ যায়।
কামপুৰত বিগত সময়ত হোৱা ভয়াবহ বানৰ অন্তত কৃষক ৰাইজে পুনৰ পথাৰত সোণগুটি সিচিছিল যদিও সদ্য বাঢ়নী পানীত নসাৎ হ’ল কৃষকৰ সপোন৷ গেঁৰ ধৰা ধাননি পথাৰখন এথিয়া বানত বুৰ যোৱাত মুৰে কপালে হাত দিছে কৃষক শ্ৰেনীয়ে৷