কামপুৰঃ ৰাজ্য চৰকাৰে কামপুৰস্থিত নগাঁও সমবায় চেনিকলটো বহিৰাগত প্ৰতিষ্ঠানক বিক্ৰী কৰাৰ চক্ৰান্তৰ অন্তৰালত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গভীৰ ষড়যন্ত্ৰ আছে। -এই অভিযোগ নগাঁও সমবায় চেনীকল সুৰক্ষা সমিতিৰ। সুৰক্ষা সমিতিয়ে কামপুৰত অনুষ্ঠিত কৰা এখন সংবাদ মেলত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই অভিযোগ আনে। সংবাদ মেলখনত সুৰক্ষা সমিতিয়ে চেনি উদ্যোগটো বহিৰাগত প্ৰতিষ্ঠানক বিক্ৰী নকৰি স্থানীয় জেষ্ট গ্ৰীণ এনাৰ্জীক দিবৰ বাবে দাবী জনায়।
অসমৰ চেনী উদ্যোগ দুটা বাহিৰা প্ৰতিষ্ঠানৰ হাতত গটাব বুলি যোৱা ১৭ অক্টোবৰত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰাৰ পিছত কামপুৰত নগাঁও সমবায় চেনিকল সুৰক্ষা সমিতিয়ে এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেল খনত সুৰক্ষা সমিতিয়ে চৰকাৰৰ উদ্যোগ মন্ত্ৰীজনৰ এই হথকাৰী সিদ্ধান্তৰ অন্তৰালৰত গভীৰ ৰহস্য থকাৰ সন্দেহ প্ৰকাশ কৰিছে।