57
জাগীৰোডঃ পুনৰ বনাঞ্চলত মৃত্যু ঘটিল অসম গৌৰৱ এশিঙিয়া গঁড়ৰ৷ পিছে এইবাৰ গঁড়ৰ মৃত্যু চিকাৰীত হাতত নহয়, বনাঞ্চলৰ অন্য গঁড়ৰ সতে লগা যুঁজত মৃত্যু ঘটিল এটি প্ৰাপ্ত বয়স্ক গঁড়ৰ৷ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত গঁড়টোৰ মৃত্যু ঘটে।
পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, অভয়াৰণ্য খনৰ দুটা গঁড়ৰ মাজত যুঁজ লগা ফলত গুৰুতৰভাৱে আহত হৈছিল এটা গঁড়।