52
ধুবুৰীঃ প্ৰতিবাদত কঁপিল ধুবুৰী জিলা৷ অসমবাসীৰ স্বাৰ্থ জড়িত বৃহত্তৰ নাগালিম চুক্তি বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে আজি ধুবুৰী জিলাৰ গৌৰীপুৰৰ বেপাৰীপট্টীতো প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷
আজি কৃষক মুক্তিৰ গৌৰীপুৰ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বেপাৰীপট্টীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷