ডিজিটেল ডেস্কঃ সুখৰ সংজ্ঞা কি? ক’ত পোৱা যায় সুখ৷ সুখ থাকে ক’ত? আপোনাৰ মোৰ মনত বহুবাৰ উত্থাপন হয় এনে প্ৰশ্ন৷ এই প্ৰশ্নৰ উত্তৰ বিছাৰো আমি সকলোৱে৷ কিন্তু উত্তৰ পাইছে জানো কোনোবাই৷ সুখৰ নামত সকলোৰে আছে নিজস্ব ভাৱনা৷ এই ভাৱনাবোৰ আমি টোকা আকাৰে লিখি থও৷ তাৰ মাজতে সুখৰ ভাৱনা লিখি থৈছিল বিশ্বৰ অন্যতম বিজ্ঞানী এলবার্ট আইনষ্টাইন।
এলবার্ট আইনষ্টাইনে সুখ সন্দৰ্ভত কোনো থিয়ৰি লিখা নাছিল৷ এটি সাধৰণ টোকা লিখি থৈ গৈছিল বিজ্ঞানী এলবার্টে৷ যত সোমাই আছিল তেওৰ ভাৱনা৷ আজিৰ পৰা প্ৰায় ৯৫ বছৰ পুৰ্বে তেও নিজে লিখিছিল সুখ সম্পৰ্কত ভাৱনাৰ টোকা৷ বিখ্যাত বিজ্ঞানীগৰাকীৰ হাতৰে লিখা নোটটো জেৰুজালেমত নিলাম হয়৷ ১৯২২ চনত থিয়ৰি অৱ ৰিলেটিভিটিৰ বাবে নোৱেল বঁটাৰ বাবে মনোনিত হয় বিজ্ঞানী এলবার্ট৷ এই কথা সকলোৱে জানিছিল যদিও বিজ্ঞানী এলবার্টক কোনেও খবৰ দিয়া নাছিল৷