নলবাৰীঃ মানুহক ভালপোৱা মানুহ৷ গ্ৰন্থক ভালপোৱা বহু মানুহ জড়িত এটি অনুষ্ঠান৷ যত অংকন কৰাৰ প্ৰয়াস কৰা হয় প্ৰকৃত শিক্ষাৰ দিনলিপি৷ যত শিক্ষা আৰু জ্ঞানৰ পোহৰ দিবলৈ চেষ্টা কৰা হয় প্ৰতিদিনে৷ আৱাল, বৃদ্ধ বনিতাৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰীৰ আবেগৰ অনুষ্ঠান সেইটো৷
বহু টকা খৰছ কৰিও তেনে অনুষ্ঠান গঢ় দিব নোৱাৰি৷ তেনে অনুষ্ঠান গঢ় দিবলৈ আপুনি এজন ভাল অন্তৰৰ মানুহ হ’ব লাগিব৷ যত দিনে নিশাই মানুহেৰে ভৰি থাকে৷ যত আলোচনা কৰা হয় কেৱল শিক্ষাৰ কথা৷ দৰিদ্ৰৰ সন্তানৰ পৰা আৰম্ভ কৰি ধনীৰ সন্তানলৈকে কেৱল আহে জ্ঞান লভিবলৈ৷