ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ গুজৰাট বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে ক্ষমতা দখলৰ নিকৃষ্ট ৰাজনীতি৷ শেহতীয়াকৈ পাতিদাৰ, অ’বিচি আৰু দলিতক লৈ ৰাজনীতি আৰম্ভ হৈছে৷ গুজৰাটৰ তিনি সম্প্ৰদায়ৰ ভোটক লৈ তুষ্টি কৰণৰ ৰাজনীতি আৰম্ভ হৈছে৷ অ’বিচি নেতা অল্পেশ ঠাকুৰে কংগ্ৰেছত যোগ দিয়াৰ পুৰ্বে বিজেপিত যোগদান কৰিছিল কেইবাগৰাকী পাতিদাৰ নেতাই৷
বিজেপিত যোগ দান কৰা পাতিদাৰ নেতা নৰেন্দ্ৰ পেটেলৰ কেইটামান ঘন্টাৰ ভিতৰতে বিজেপিৰ প্ৰতি মোহভংগ হয়৷ বিজেপি ত্যাগ কৰি ধনৰ বাণ্ডিল দেখুৱাই হৰ্ছ ট্ৰেডিং কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে খোদ পাতিদাৰ নেতা নৰেন্দ্ৰ পেটেলে৷ ১ কোটি টকাত বিজেপিয়ে তেওক যোগদান কৰোৱাৰ কথা সংবাদ মেল যোগে উল্লেখ কৰে৷ আগধন বিচাপে দিছিল ১০ লাখ টকা৷ গুজৰাটত ক্ষমতা ধৰি ৰাখিবলৈ এনে নিকৃষ্ট পন্থা লোৱা বুলি অভিযোগ উত্থাপন হয় বিজেপিৰ বিৰুদ্ধে৷