শোণিতপুৰঃ বিভিন্ন জাতি, জনগোষ্ঠীৰ মিলনৰ ভূমি এই খন অসম। ৰাজনৈতিক, সামাজিক, ভাষিক-সাংস্কৃতিক সংকটকালত থলগিৰিয়ে নিজৰ জীৱন দি হ’লেও অসমী আইক ৰক্ষা কৰিবলৈ সাজু হৈ থাকে৷ থলগিৰিয়ে সংগ্ৰামত ব্ৰতী হোৱাৰ অনেক উদাহৰণ আছে।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ কেইবাদশক পাৰ হৈ যোৱাৰ পিছতো আজিও অৱহেলিত, অপাংক্তেয়, অস্পৃশ্য কিছু জনগোষ্ঠী। ৰাজনৈতিক নেতৃত্বৰ অভাৱৰ বাবেই কেইবাটাও থলগিৰিমূলৰ জনগোষ্ঠীৰ পৰিচয় আজি বিলুপ্তিৰ পথত। অৱহেলিত এই জাতি-জনগোষ্ঠী সমূহৰ অন্যতম এটা জনগোষ্ঠী হ’ল মৰিয়া জনগোষ্ঠী। ১৯৭৫চনতেই এমঅ’বিচি আৰু পিছলৈ অ’বিচিলৈ উন্নীতকৰণ কৰা হয়৷ তথাপিও শ্ৰমজীৱি লোকসকলৰ কোনোধৰণৰ উন্নয়ণ আজিকোপতি নহ’ল।