তুলসীবাৰীঃ ৰাজ্যৰ ভিতৰতে অন্যতম ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ এপলমিল বছৰ বছ ধৰি বন্ধ হৈ আছে। যাৰ পৰিপ্ৰেক্ষিতত এবছৰ ধৰি প্ৰায় ছয়শ শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মহীন হৈ আৰ্থিক সংকটত দিন পাৰ কৰিছে৷ ইতিমধ্যে ছাত্ৰ সন্থাকে ধৰি কেবাটাও সংগঠনে এপলমিল কাৰ্যক্ষম কৰাৰ দাবীত প্ৰতিবাদ কৰি আহিছে৷
এপলমিল শ্ৰমিক সন্থাই শ্ৰমিক দিৱসৰ দিনটোৰে পৰা এলানি আন্দোলনৰ কাৰ্যসুচী ৰূপায়ন কৰি অহাৰ সময়তে ৰাজ্য চৰকাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আছু৷ মিলটো পূৰ্ণ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতিৰে ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰি চমক দিছিল বিজেপি চৰকাৰে৷ কিন্তু ঘোষণা ফুটুকাৰ ফেনত পৰিণত হয়৷ ঘোষণাৰ মেৰপেচত আৱদ্ধ হৈ থকা এপলমিলৰ শ্ৰমিক দিশহাৰা হৈ পৰিছে৷