চৰাইদেউঃ ভাৰত চৰকাৰ আৰু NSCN (আই-এম)ৰ মাজৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত এতিয়ালৈ ৰাজহুৱা হোৱা নাই যদিও অসমৰ ৰাইজ শংকিত হৈ আছে নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত হোৱাৰ আশংকাত।
নাগালিমৰ দাবীৰে NSCN-এ যি মানচিত্ৰ প্ৰস্তত কৰিছে তাত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদিকে ধৰি অসমৰ বহুকেইখন জিলাৰ মাটিকালি অন্তৰ্ভুক্ত হৈ আছে। কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহব বুলি দল সংগঠনে হুংকাৰ দি থকাৰ সময়তে অসমত নগাৰ দপদপনি বৃদ্ধি পাবলৈ ধৰিছে অসমৰ ভূমিত৷