জাজৰিঃ নগাঁও জিলাৰ জাজৰিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে বিশেষ শৈক্ষিক সভা অনুষ্ঠিত হৈ যায়৷ বৃটিছ আমোলতে স্থাপন হোৱা নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ মঙলবালে বিশেষ সভা তথা নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়৷
বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে৷ বাধাৰ প্ৰাচীৰ ভাঙি উত্তৰ প্ৰজন্মই দেশ আৰু জাতি ৰক্ষা কৰিব লাগিব। তাৰ বাবে লাগিব গুণগত শিক্ষাৰ উত্তৰণ।