দলংঘাটঃ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ বাট-পখৰ দুৰৱস্থাৰ ছবি খন নেদেখিলে বিশ্বাস কৰিব টান লাগে৷ আজিও গ্ৰাম্য অঞ্চলৰ শতকৰা ৭০ শতাংশ পথতেই বাৰিষাৰ সময়ছোৱাক বোকা-পানীৰ বাবে খোজ কাঢ়িব নোৱাৰি৷ দৰিদ্ৰ তথা মধ্যবিত্ত পৰিয়ালৰ লোকসকলে আজিও হাতত ছেণ্ডেল লৈ মুল পথলৈ আহিব লগা হয়৷ এজাক বৰষুণতে বহিঃৰাজ্যৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় ৰাইজৰ৷
পথৰ বাবে এম্বুলেঞ্চ গাঁৱৰ ভিতৰলৈ যাব নোৱাৰে৷ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়ালে সময় মতে গন্তব্য স্থানলৈ যাব নোৱাৰে কেৱল গ্ৰাম্য পথৰ বাবে৷ তাৰ মাজতে দৰং জিলাৰ বালিপোতাৰ ঐতিহাসিক শক্তি পীঠলৈ আহ-যাহ কৰা পথৰ দুৰৱস্থাই ৰাইজক হাহাকাৰ কৰিব লগা পৰিবেশৰ সৃষ্টি কৰে৷ বালিপোতা গাঁৱৰ ঐতিহাসিক কামাখ্যা মঠ দেৱালয়ত নিতৌ ভক্তৰ সমাগম হয় যদিও পথটোৰ বাবে আহ-যাহত ব্যাপক সমস্যাত পৰে ৰাইজ৷