নগাঁওঃ অসুৰ বধ হ’ব নগাঁৱত৷ হত্যা-হিংসা-ধৰ্ষণ আদি ঘটনাই সৰ্বস্তৰৰ লোকক মানসিক ভাবে অশান্তি দি অহাৰ ফল স্বৰূপে অসুৰক বধ কৰি সমাজলৈ শান্তি ঘুৰাই আনিব নগঁৱৰ ৰাইজে৷ এক অশান্তময় পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বাধ্য কৰোৱাৰ সময়তে নগাঁও জিলাৰ গঞাৰাইজ এতিয়া সমাজৰ শান্তি বিনষ্টকাৰী অসুৰৰ নিধন যজ্ঞৰ বাবে কুচকাৱাজত ব্যস্ত থকা দেখা গৈছে ৷
সমাজৰ চৌপাশে অব্যাহত থকা অশান্তময় পৰিবেশে অতিষ্ঠ কৰি তোলা গঞাৰাইজ যেন সংঘবদ্ধ হৈছে অশান্তিৰ বীজ ৰোপনকাৰীসকলক নাশ কৰি শান্তিৰ বাট প্ৰশস্ত কৰিবলৈ৷ জিলাখনৰ গ্ৰামাঞ্চলৰ ৰাইজ সম্প্ৰতি যুদ্ধংদেহী মনোভাবেৰে নামি পৰিছে অসুৰ বধৰ আখৰাত ৷ বিগত এপষেক পূৰ্বৰে পৰা দুই-তিনিখন গাঁৱৰ ৰাইজ লগ হৈ অঞ্চলবোৰত থকা নামঘৰ, মন্দিৰ, স্কুল, ক্লাৱঘৰ আদিত কণ কণ শিশুৰ পৰা বৃদ্ধজনলৈকে সকলোয়ে একত্ৰে বিয়লিৰে পৰা দুভাগ নিশা পৰ্যন্ত চলোৱা অসুৰ বধৰ এনে আখৰাই গ্ৰামাঞ্চলবোৰত চৰম ব্যস্ততামুখৰ পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷