খেৰণিঃ কাৰ্বি আংলং জিলাৰ খেৰণিত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা হয়৷ সোমবাৰে বৃহত্তৰ খেৰণি অঞ্চলত বসবাস কৰা দৰিদ্ৰ হিতাধিকাৰীৰ মাজত পশ্চিম কাৰ্বি আংলঙত দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা দৰিদ্ৰ পৰিয়ালসমুহক খেৰণিস্থিত ডেৰা ইনডেন গ্ৰামীন বিতৰকে বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰে৷
খেৰণি মাটিখোলাৰ চৰকাৰী গাঁওবুঢ়া অজিত মাৰাকৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম কাৰ্বি আংলঙৰ খাদ্য আৰু যোগান বিভাগৰ অতিৰিক্ত সঞ্চালক পি কে দাস, কাৰ্বি পৰিষদীয় কপিলি সমষ্টিৰ গাঁও উন্নয়ণ সমিতিৰ প্ৰাক্তন অধ্যক্ষ ক্লেনদুন টেৰন, বিশিষ্ট সমাজ সেৱক বাবুচনা বৰবৰা, ৰামছিং তিমুং, ধনীৰাম ইংতি, অৱসৰপ্ৰাপ্ত শিক্ষক হিৰেন চন্দ্ৰ নাথ, সনত কুমাৰ বৰুৱা সহ অৰ্ধশতাধিক মহিলা হিতাধিকাৰী উপস্থিত থাকে৷