গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ বেলগুৰিত সোমবাৰে কংগ্ৰেছৰ সংকল্প সমাৰোহ অনুষ্ঠিত হয়। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সমাৰোহত প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰা সহ বহু নেতা কৰ্মী উপস্থিত থাকে। সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰা সন্মুখত আবু তাহৰ বেপাৰী, ধুবুৰীৰ এ আই ইউ এফৰ প্ৰাক্তন বিধায়ক জাহান উদ্দিন সহ বহু নেতা কৰ্মী কংগ্ৰেছত যোগদান কৰে।
সভাত ৰিপুণ বৰাই বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি নৰেন্দ্ৰ মোডীয়ে অসমৰ পৰিবৰ্তন কথা কৈছিল বুলি কৈ কিন্তু মোডীৰ পৰিৱৰ্তন অসমৰ ৰাইজে দেখিবলৈ পোৱা নাই বুলি কয়৷ বিজেপি দল এটা সাম্প্ৰদায়িক দল, এই দল ৰাইজৰ দল নহয়।