তুলসীবাৰীঃ ৰঙিয়াৰ ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় পথত শনিবাৰে নিশা অগ্নিদগ্ধ অৱস্থাত সন্দেহজনক ভাবে মহেশ শীল(৩০) নামৰ এজন যুৱক জন উদ্ধাৰ হোৱাৰ কিছু সময় পিছতে মৃত্যুক আকোৱালি ৰয়৷ এই ঘটনাৰ পিছতে উত্তেজনা অব্যাহত আছে অঞ্চলটোত৷
কিয়নো একাংশ লোকে মহেশক আক্ৰমণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে৷ শেহতীয়াভাৱে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা কিছু তথ্য-প্ৰমাণে সমগ্ৰ দুৰ্ঘটনাটোক ৰহস্যৰ মাজত সোমাই পৰিছে। দুৰ্ঘটনাস্থলীত বাইকৰ লগতে বাইক আৰোহী জ্বলি যোৱা, বাইকৰ তেলৰ টেংকিৰ সাঁফৰ খুলি থকা, হেলমেট অক্ষত অৱস্থাত থকা, ঘটনাস্থলীৰ কিছুমান তথ্যই সমগ্ৰ দুৰ্ঘটনাটোক পৰিকল্পিত হত্যাকাণ্ড বুলি ভাবিবলৈ বাধ্য কৰিছে৷