ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটত ৩৬ ঘন্টাত ১১ কেচুৱাৰ মৃত্যুৰ ঘটনা সংঘটিত হয়। গুজৰাটৰ আহমেদাবাদস্থিত এখন চৰকাৰী চিকিৎসালয়ত শিশুমৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সোমবাৰে ঘটনাৰ তদন্তৰ নির্দেশ দিয়ে ৰাজ্য চৰকাৰে। শুকুৰবাৰৰ পৰা বিগত ৩৬ ঘণ্টাত চৰকাৰী চিকিৎসালয়ত ১১টা সদ্যোজাতৰ মৃত্যু হয়।
চিকিৎসালয় কর্তৃপক্ষৰ বিৰুদ্ধে কর্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হোৱাত দেওবাৰে পৰিদর্শন কৰিবলৈ আহে গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰূপানি। চিকিৎসালয়ত ৰাইজৰ ক্ষোভৰ মুখা মুখি হয় যদিও যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্রীয়ে। এতিয়ালৈ শিশুৰ মৃত্যুৰ কাৰণ ৰাজহুৱা কৰা নাই যদিও ৰাজ্য চৰকাৰে তদন্তৰ নির্দেশ দিয়ে।