লালুকঃ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত লখিমপুৰত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ৷ কেই শতাধিক লোকৰ উপস্থিতিত পথ অৱৰোধ কৰি ছাত্ৰ সন্থাই নীপকো তথা এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷
অৰুণাচল প্ৰদেশৰ য়াজুলিস্থিত ৰঙানদী জল বিদ্যুৎ প্রকল্প (নীপকো) আৰু বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাবীত লখিমপুৰ জিলা ছাত্র সন্থাই তীব্ৰ প্রতিবাদ সাব্যস্ত কৰে৷ প্ৰতি বছৰে নীপকোৰ বাঢ়নী পানীয়ে লখিমপুৰ আৰু মাজুলী জিলাত ব্যাপক ক্ষতি সাধন কৰাৰ পাছতো নীপকোৱে কোনো ধৰণৰ ক্ষতি পূৰণ প্ৰদান নকৰাত ক্ষোভ ব্যক্ত কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি কয় লখিমপুৰ জিলা ছাত্ৰ সন্থাই৷