নাহৰকটীয়াঃ তাই আজিও পঢ়ি আছে যদিও পঢ়ি থকা কালতে তাই কাণেৰে নুশুনা হ’ল৷ নৱম শ্ৰেণীত পঢ়ি থকা কালত বসন্ত ৰোগত আক্ৰান্ত হৈ কাণেৰে নুশুণা হোৱাত দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীয়ে আশা পুহি ৰাখিছিল তাইক কোনোবাই উন্নত চিকিৎসা কৰি কাণেৰে শুনিব পৰা কৰিব৷
এই কথা অৱগত হ’ল নাহৰকটীয়া মহাবিদ্যালয় পৰিয়ালে৷ তাততৈয়াকৈ যোগাযোগ কৰিলে দৰিদ্ৰ পৰিয়ালটোৰ সৈতে৷ এই খবৰ লাভ কৰাৰ পিছতে মহাবিদ্যালয় খনৰ অধ্যক্ষই তাইক দুবাৰকৈ ডিব্ৰুগড় আদিত্য নাৰ্চিংহোমলৈ নি বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই৷ নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে বসন্ত ৰোগত আক্ৰান্ত হৈ পূৰবী সোনোৱাল নামৰ ছাত্ৰীগৰাকীয়ে হেৰুৱাই পেলাইছিল শ্ৰৱণ শক্তি।