কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত সোত বৈছে দেশী-বিদেশী পৰ্যটকৰ৷ সময়ে সময়ে কাজিৰঙাত পৰ্যটকৰ বাবে ন্যুনতম সুবিধা প্ৰদানত চৰকাৰ বিফল হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে যদিও প্ৰতিদিনে পৰ্যটকে আহি কাজিৰঙা ভ্ৰমণ কৰা পৰিলক্ষিত হৈছে৷
দেশ-বিদেশৰ পৰ্যটেকেৰে পুৱাৰে পৰা ভৰি পৰে কাজিৰঙা৷ তাৰ মাজতে চেক গণৰাজ্যৰ এগৰাকী মোহময়ী অভিনেত্ৰীয়ে কাজিৰঙা ভ্ৰমণ কৰে৷ অভিনেত্ৰীগৰাকীক সংগ দিয়ে চেক গণ ৰাজ্যৰ ভাৰতৰ ৰাষ্ট্ৰদূতে৷ চেক গণ ৰাজ্যৰ মোহময়ী অভিনেত্ৰী চাৰাই কাজিৰঙাত উপস্থিত হৈ সুখী হোৱা বুলি কয়৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পৰিদৰ্শন কৰি চাৰাই কলে ‘বহুত ভাল লাগিল’।