ওদালগুৰি/শিৱসাগৰঃ গুৱাহাটী মহানগৰীকে ধৰি উজনি-নামনিৰ বিভিন্ন ঠাইত মঙলবাৰে পালন কৰা হয় সংহতি তথা সংকল্প দিৱস৷ দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী তথা উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পটেলৰ জন্মদিনটোক কেন্দ্ৰীয় চৰকাৰে সংহতি দিৱস তথা সংকল্প দিৱস হিচাপে পালন কৰি আহিছে৷ ৰাজ্য প্ৰশাসনে মহানগৰীত একতাৰ বাবে দৌৰ অনুষ্ঠানৰ আয়োজন কৰে৷
যাৰ দ্বাৰা সংহতি স্থাপনৰ চেষ্টা চলায়৷ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। পৌৰসভাৰ সভাপতি, সদস্য, আৰক্ষী অধীক্ষক, বিষয়া-কৰ্মচাৰী, অতিৰিক্ত উপায়ুক্ত, জ্যেষ্ঠ নাগৰিক, শিৱসাগৰৰ ছাত্ৰ নেতা, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত উপায়ুক্ত নাৰায়ণ মেলাং কোঁৱৰে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰোৱাই।