বটদ্ৰৱা/ধিংঃ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ৰাজ্যপাল ৰূপে নিযুক্তি দিয়া জগদীশ মুখীয়ে মঙলবাৰে দৰ্শণ কৰে শ্ৰীশ্ৰী বটদ্ৰৱা থান৷ দুপৰীয়া ভাগত সপত্নী ৰাজ্যপালগৰাকী মহাপুৰুষ গুৰুজনাৰ জন্মস্থানত উপস্থিত হয়৷ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ পৰা থান পৰিচালনা সমিতিৰ বিষয়ববীয়া সমন্বিতে ভকতসৱে ৰাজ্যখনৰ সাংবিধানিক মূৰব্বীগৰাকীক আদৰনি জনায় থানলৈ আগুৱাই নিয়ে৷
সম্পূৰ্ণ জাতীয় সাজ পাৰ পৰিধান কৰি ৰাজ্যপাল মুখীয়ে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত প্ৰৱেশ কৰি গুৰু আসনত সেৱা নিবেদন কৰে৷ থানৰ মুল আতৈগৰাকীয়ে নৱ নিযুক্ত ৰাজ্যপালগৰাকীক আৰ্শীবাদ প্ৰদান কৰি নিৰ্মালী আগবঢ়ায়৷ ইয়াৰ পিছতে থানৰ সভা কক্ষত পৰিচালনা সমিতিয়ে ৰাজ্যপাল জগদীশ মূখী আৰু তেখেতৰ পত্নীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷