83
জোনাইঃ মঙলবাৰে পথৰ দাতিত কান্দি-কাতি থকা এটি শিশুকলৈ হৈ চৈ লাগিল জোনাইত৷ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত পথৰ দাতিত কান্দি থকা অৱস্থাত প্ৰায় ৬ বছৰীয়া এটি শিশুক একাংশ লোকে প্ৰত্যক্ষ কৰে৷
তাৰ পিছতে শিশুটোক উদ্ধাৰ কৰি জোনাই থানাত গতাই দিয়ে স্থানীয় লোকে। শিশুজনৰ ভাষ্য মতে তেওৰ ঘৰ অসমৰ টৌভঙা নামৰ ঠাইত। নিজকে কেতিয়াবা সঞ্জু ৰেগন, পিতৃৰ নাম তাকেম পাগাগ আৰু মাতৃৰ নাম তেপা ৰেগন বুলি প্ৰকাশ কৰে তেও।