Home ৰাজ্যসাজি-কাছি অহা ভদ্ৰ পুৰুষে লুটিলে দৰিদ্ৰৰ ২০০০

সাজি-কাছি অহা ভদ্ৰ পুৰুষে লুটিলে দৰিদ্ৰৰ ২০০০

by News Desk
111 views
A+A-
Reset

তুলসীবাৰীঃ এখন বাইকত দুজন যুৱক৷ পৰিধান কৰা বস্ত্ৰত ভদ্ৰ পুৰুষ যেন লাগে৷ এগৰাকী সাধাৰণ গেলামালৰ দোকানৰ সন্মুখত বাইক খন ৰখাই পিছপিনে উঠি থকা যুৱকজন বাইকৰ পৰা নামি দোকানী জনৰ ওচৰলৈ আহিল৷ দোকানীজনৰ ওচৰলৈ আহি যুৱকজনে বিছাৰিলে ২০০০ টকীয়া নোটৰ খুচুৰা৷ গ্ৰাম্য অঞ্চলৰ হোজা দোকানীগৰাকীয়ে বাকচৰ পৰা ২০০০ টকাৰ খুচুৰা কিছু সময়ৰ ভিতৰতে যুৱকজনৰ হাতত তুলি দিলে৷ আপুনি দাইল, তেল, চাউল আদি ওজন কৰক মই তেওঁৰ পৰা ২০০০ টকীয়া নোট খন লৈ আহো বুলি কৈ দোকান খনৰ পৰা কিছু নলগত ৰৈ থকা যুৱকজনৰ ওচৰলৈ গ’ল৷ যুৱকজনে বাইকৰ ওচৰ পোৱাৰ লগে লগে বাইকৰ কিক মাৰি দুয়ো বতাহৰ সৈতে মিলি গ’ল৷ বেচেৰা দোকানী মুখ মেলি চাই ৰ’ল৷

ৰঙিয়া মহকুমাৰ অন্তৰ্গত তৰণীত বুধবাৰে অভিনৱ কায়দাৰে দুৰ্বৃত্তই লুটি নিয়ে ধন৷ জানিব পৰা মতে, বাইকত অহা দুই দুৰ্বৃত্তই এপ’ল চ’কৰ সমীপৰ তৰণীৰ ভাৰত-ভূটান পথৰ দাঁতিৰ দিলীপ হালৈ নামৰ গেলামাল দোকানী জনৰ পৰা দুহাজাৰ টকা লুট কৰি নিয়ে৷ হেলমেট পৰিহিত বাইক আৰোহি দুজনে  অতি কৌশলেৰে হোজা গাৱলীয়া দোকানীজনৰ পৰা  দুহাজাৰ টকাৰ খুচুৰা বিছাৰি চাউল, দাইল আদি সামগ্ৰী জুখিবলৈ দি দুহাজাৰ টকীয়া নোট খন আনিবলৈ যোৱাৰ ভাও জুৰি পলাই যায়৷ দিন দুপৰতে অভিনৱ পদ্ধতিৰে ধন লুট কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে তুলসীবাৰী অঞ্চলত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0