কোকৰাঝাৰঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ সতে সংগতি ৰাখি দেওবাৰে তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা ড০ ভূপেন হাজৰিকা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত প্ৰতিভাৱান শিল্পী সুৰজিৎ মহন্তৰ “সময়” শীৰ্ষক শ্ৰব্য সঁফুৰা মুকলি কৰা হয়।
মুঠ আঠোটি গীতৰ শ্ৰব্য সঁফুৰাখনত কণ্ঠদান কৰিছে সুৰজিৎ মহন্তই। সহযোগী শিল্পী হিচাপে চয়নীকা কৌশিকেও কণ্ঠদান কৰিছে । গীতৰ কথা-সুৰ সুৰজিৎ মহন্তৰ। গুৱাহাটীৰ অডিটেক আৰু চিকমিক ষ্টুডিঅ’ত বাণীবদ্ধ কৰা শ্ৰব্য সঁফুৰা “সম”ত সংগীত ব্যৱস্থাপনা কৰিছে জনপ্ৰিয় সংগীতকাৰ ক্ৰমে পৰাণ বৰকটকী, বিপ্লৱ গোস্বামী, সিদ্ধাৰ্থ দাস, পৰীক্ষিত কলিতা আৰু ৰণদা শৰ্মাই।