নলবাৰীঃ শাসকীয় দল বিজেপিয়ে নলবাৰীৰ বালিলেছা কালি মন্দিৰ বাকৰিত দেওবাৰে এখন সাংগঠনিক সভা অনুষ্ঠিত হয়৷ পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভাপতি জয়ৰাম বৰ্মনৰ সভাপতিত্ব অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ভূপেন ডেকাই। নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিতুল ডেকাই আতঁ ধৰা সভাত স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা উপস্থিত থাকে।
বিধায়ক অশোক কুমাৰ শৰ্মাই ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ অহাৰ পিছত ৰাজ্যৰ লগতে নলবাৰীৰ বহুত খিনি পৰিবৰ্তন আহিছে বুলি কয়। বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰাৰ বাবে আগবাঢ়িছে। আমিও এজন বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত নলবাৰী সমষ্টিৰ উন্নয়নকে লক্ষ্য হিচাপে লৈছো। কিন্তু ধৈৰ্য ধৰিব লাগিব। একেলগে সকলো কৰাটো সম্ভৱ নহয়। ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয়-পঞ্চায়ত নিৰ্বাচন সমাগত।