58
গোৰেশ্বৰঃ সমগ্ৰ অসমত ৰাস মহোৎসৱৰ আনন্দ উল্লাসৰ সোঁত বৈ থকাৰ মাজতে বৃদ্ধি পাইছে চোৰৰ তিঘিলঘিলনি। জনসমাগম আৰু ভিৰৰ সুবিধা লৈছে চোৰ ডকাইতে। বাগসা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ কেইবাখনো ৰাসত চোকা নজৰ দিয়া গোৰেশ্বৰ আৰক্ষীয়ে যোৱা নিশা পিষ্টলসহ আটক সক্ষম হয় এজন ডকাইত। মহৰিপাৰাৰ ৰাসলৈ আহি থকা অৱস্থাতে আটক কৰে ডকাইতটো।
