বিহুগুৰিঃ ৰাজ্যত প্ৰতিদিনে সংঘটিত কিছুমান ঘটনাই সভ্য সমাজক লজ্জানত কৰে৷ যি ঘটনাই সভ্য সমাজক লজ্জানত কৰাই নহয় মানৱতাক ভুলুন্ঠিত কৰে৷ যোৱা ১০টা দিনৰ ভিতৰত শোণিতপুৰ জিলাত সংঘটিত হোৱা কেইটামান ঘটনাই চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক৷ যিবোৰ ঘটনাই শংকিত কৰি তুলিছে মানুহক৷ মানুহে মানুহক ভাল পাব লাগে যদিও একাশ মানুহ হিংস্ৰ হৈ পৰা দেখা যায়৷
তাৰ মাজতে শোণিতপুৰত যোৱা কিছুদিনৰ ভিতৰত সংঘটিত তিনিটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হয়৷ কিয়নো এই ঘটনাৰ বলি হৈছিল কিশোৰ-কিশোৰী৷ খৰি বিছাৰি গৈ ধৰ্ষণৰ বলি হৈছিল এগৰাকী ১১ বছৰীয়া কিশোৰী ৷ কিশোৰীগৰাকীক হত্যা কৰি গাতত পুতি থৈছিল৷ তাৰ পিছতে এতি কিশোৰীক স্কুলৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত চাহ বাগিচাৰ মাজলৈ নি হত্যা কৰিছিল কণমানি ছাত্ৰক৷ ২ নৱেম্বৰত ঢেকীয়াজুলিত সংঘটিত হ’য় এই হৃদয় বিদাৰক ঘটনা৷